About Us
সৌৰভ জ্যোতি দহোতীয়া
প্ৰতিষ্ঠাপক আৰু নিৰ্দেশক
আমাৰ মূখ্য উদ্দেশ্য হৈছে-
- অসমৰ স্থানীয় শিপিনী সকলে হাতেৰে বোৱা কাপোৰ (হস্ততাঁত) বিলাক সকলোৱে অতি সহজেই এই ৱেবছাইট বা এপ্লিকেচনটোৰ মাধ্যমেৰে ল'ব পাৰে।
- অসমৰ স্থানীয় শিপিনী সকলক আৰ্থিক দিশত অলপমান হ'লেওঁ সকাহ দিয়া।
অসমৰ স্থানীয় শিপিনী সকলৰ বিষয়ে অলপমান
প্ৰতিগৰাকী গ্ৰাম্য অসমীয়া মহিলা জন্মগত শিপিনী। অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতেই একোখন তাঁতশাল আছে বুলি ক’ব পাৰি। কল-কাৰখানা ওলোৱাৰ পিছতো অসমীয়া শিপিনীয়ে ধুনীয়া ধুনীয়া কাপোৰ বৈ বজাৰত উলিয়াই ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰিছে। তাঁতশালৰ কাপোৰে বহু পৰিয়ালক আৰ্থিক সকাহ দিয়ে।
তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। সকলো জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথাতেই কয়-মতাই বব হাল, মাইকীয়ে বব শাল। অসমীয়া মহিলাই ৰাতিটোৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ উলিওৱাৰ পৰম্পৰা আছিল। ঘৰৰ পুৰুষক একে ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ যুদ্ধলৈ পঠাই গৌৰৱবোধ কৰা বুলিও জনা যায়।
অসমীয়া জীয়ৰী-বোৱাৰীহতঁৰ হাতে বোৱা কাপোৰৰ মান দেখি মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছিল। আজিকালি আধুনিক যন্ত্ৰ-পাতিৰে জাকজমকীয়া বিভিন্ন প্ৰকাৰৰ কাপোৰ বৈ কম দামত বজাৰত দিব পৰা হোৱাত হাতে বোৱা কাপোৰ বিপৰ্য্যয়ৰ মুখত পৰিবলগীয়া হৈছে। ফলত শিপিনীসকল আৰ্থিক দিশত অসুবিধাৰ সন্মুখীন হৈ পৰিছে। এসময়ত অসমীয়া সমাজত কাপোৰ ববলৈ নজনা ছোৱালীক ‘অকাজী’ বুলি আখ্যা দিছিল। কাপোৰ বব নজনা ছোৱালীক বিয়া কৰাবলৈ অসন্মত হৈছিল। অৱশ্যে আজিকালি কাপোৰ বব নাজানিলেও হয়; পঢ়াৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে।
তাঁতৰ শালখনক অসমীয়া নাৰীৰ অতি হেঁপাহৰ, অতি মৰমৰ সম্পদ বুলিব পাৰি। প্ৰতিগৰাকী নাৰীৰ শিপিনীৰ পৰিচয় বিভিন্ন সময়ত ৰচিত বিহুনাম আদিৰ মাজেৰে ফুটি উঠে। বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰ মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে বোৱা বিহুৱান একোখন প্ৰিয়জনক দি নিজে পাটমুগাৰ ৰিহা মেখেলা পিন্ধি বান্ধৱীসকলৰ লগত আনন্দ কৰাৰ সময় এই ৰঙালী বিহুতে। অসমীয়া সমাজৰ গামোচাৰ অতি সন্মান আছে।
ধন্যবাদেৰে 🙏🏻
- সৌৰভ জ্যোতি
@দৃষ্টি
জয় আই অসম ✊🏻
Timings
12 AM - 12 AM
Delivering To
All Locations
Free Shipping
₹ 999 & Above
Connect with us
Location
কাকপথাৰ, ডুমডুমা
তিনিচুকীয়া, অসম - 786152, India
Check Location on Google Map


