Return & Refund Policy
ৰিটাৰ্ণ আৰু ৰিফাণ্ড নীতি
ৰিটাৰ্ণ নীতি
উভতাই লোৱা হ'ব
- যদিহে কাপোৰ বোৰ আমাৰ ইয়াৰ পৰাই লেটেৰা বা দাগ লাগি যায় তেনে ক্ষেত্ৰত কাপোৰ বোৰ উভতাই লোৱা হ'ব।
- আমাৰ ইয়াৰ পৰাই যদি কাপোৰ বোৰ ফটাকৈ যায় তেতিয়া নিশ্চয় কাপোৰ বোৰ উভতাই লোৱা হ'ব।
- কাপোৰ বোৰ যদি অৰ্ডাৰ কৰাৰ মতে জোখা নহয় তেতিয়াওঁ কাপোৰ বোৰ উভতাই লোৱা হ'ব।
- যদিহে আপুনি কাপোৰ বোৰ উভতাই বদলি কৰিবলৈ বিচাৰে তেতিয়াওঁ কৰিব পাৰিব, কিন্তু কেৱল আমাৰ নীতি অনুসৰিহে অৰ্থাৎ আমি ভালদৰে তদন্ত কৰাৰ পিছতহে পাৰিব।
- কিন্তু এই সকলোবোৰ সমস্যা আপুনি প্ৰমাণ সহকাৰে দিব' লাগিব তেতিয়াহে আমি আপোনাৰ সমস্যাটো হয় বুলি স্বীকৃতি দিম, অথবা আমি মানি নলওঁ, তেনে ক্ষেত্ৰত কিন্তু আমাৰ কোনো দোষ নাই।
- অন্যান্য...!
উভতাই লোৱা নহ'ব
- আপুনি যদি কাপোৰ বোৰ অৰ্ডাৰ কৰি নিজে আহি লৈ যায় তেতিয়া নিশ্চয় আপুনি কাপোৰ বোৰ ভালদৰে চাই ল'ব, এই ক্ষেত্ৰত কিন্তু আপুনি লোৱা কাপোৰ বোৰ আকৌ উভতাই লোৱা নহ'ব।
- যদিহে আপুনি কাপোৰ বোৰ ব্যৱহাৰ কৰি যদি উভতাই দিব' বিচাৰে তেতিয়াওঁ কাপোৰ বোৰ লোৱা নহ'ব।
- কাপোৰ বোৰ যদি লেটেৰা বা দাগ লাগে তেতিয়া হ'লে আকৌ উভতাই লোৱা নহ'ব।
- কাপোৰ বোৰ যদি ফালি দিয়ে তেনে ক্ষেত্ৰতো উভতাই লোৱা নহ'ব।
- কাপোৰ বোৰ যদি ধুই দিয়ে তেতিয়াওঁ উভতাই লোৱা নহ'ব।
- অন্যান্য...!
ৰিফাণ্ড নীতি
- যদিহে আপুনি আমাৰ নীতি অনুসৰি কাপোৰ বোৰ উভতাই দিয়ে তেতিয়া নিশ্চয় আপোনাৰ টকা খিনি উভতাই দিয়া হ'ব।
- কেনেবাকৈ যদি আপুনি অনলাইন মাধ্যমেৰে পেমেন্ট কৰে তেতিয়া আপুনি ভালদৰে অনুসন্ধান কৰি ল'ব, কাৰণ যদিহে আমাৰ বাহিৰে আন বেলেগলৈ টকা খিনি যায়গৈ তেতিয়া কিন্তু আমাৰ কোনো দোষ নাই অৰ্থাৎ এই ক্ষেত্ৰত আপোনাক আমি একোয়েই সহায় কৰিব নোৱাৰোঁ, গতিকে নিজে সাৱধান হ'ব।
(টোকা :- অনুগ্ৰহ কৰি ওপৰত উল্লেখিত সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি অৰ্ডাৰটো খোলাৰ সময়ত টাৰ সম্পূৰ্ণ ভিডিঅ'🎥 এটি কৰিব)
ধন্যবাদেৰে 🙏🏻 @দৃষ্টি
জয় আই অসম ✊🏻
