Shipping Policy
বজাৰ কৰা নীতি
- আপুনি আমাৰ ষ্ট'ৰত কাপোৰ বোৰ অৰ্ডাৰ কৰাৰ সময়ত সেই কাপোৰ বোৰৰ বিষয়ে ভালদৰে চাইহে অৰ্ডাৰ কৰিব।
- আমাৰ এই ষ্ট'ৰত আপুনি কেইবা প্ৰকাৰেওঁ কাপোৰ বোৰ অৰ্ডাৰ কৰিব পাৰিব, যেনে - (১) কাপোৰ বোৰ অৰ্ডাৰ কৰি আপুনি আমাৰ ষ্ট'ৰত নিজেই আহি কাপোৰ বোৰ লৈ যাব পাৰিব, (২) অনলাইন অৰ্ডাৰ কৰিব পাৰিব অৰ্থাৎ আপোনাৰ ঘৰলৈওঁ কাপোৰ বোৰ অৰ্ডাৰ কৰিব পাৰিব (সুবিধা অনুসৰি) আৰু (৩) আপোনাৰ যদি যিকোনো হস্ততাঁতৰ দ্বাৰা বোৱা কাপোৰ বেছিকৈ প্ৰয়োজন হয়, অৰ্থাৎ যিকোনো জাতিৰ বা জনগোষ্ঠীৰৰ পৰম্পৰাগত কাপোৰেই নহওঁক কিয় সকলো ধৰণৰ কাপোৰেই আমাৰ এই ষ্ট'ৰত পাব, কিন্তু আপোনাক যদি সঁচাকৈয়ে বেছিকৈ প্ৰয়োজন হয়, যেনে - ৫০ খন, ১০০ খন, ৫০০ খন, ১০০০ খন আৰু অধিক একেবাৰেই লাগে, তেনে ক্ষেত্ৰত আপুনি আমাৰ সৈতে আগতীয়াকৈয়ে যোগাযোগ কৰিব (যদি সম্ভৱ হয় নিশ্চয় আমি চেষ্টা কৰিম)।
- কাপোৰ বোৰ অৰ্ডাৰ কৰাৰ আগতে আপুনি আপোনাৰ নামেৰে একাউণ্ট এটা বনাই ল'ব লাগিব আৰু অৰ্ডাৰ কৰাৰ সময়ত আপোনাৰ ঠিকনা বোৰ সঠিককৈ দিব'।
- আপুনি কাপোৰ বোৰ অৰ্ডাৰ কৰাৰ পাছত প্ৰায় ১ দিনৰ পৰা ৫ দিন বা ৭ দিনৰ ভিতৰত অৰ্ডাৰটো দিবলৈ চেষ্টা কৰিম।
- আপুনি অৰ্ডাৰ কৰাৰ পাছতেই আপোনাৰ সৈতে আমি পোনপটীয়াকৈ যোগাযোগ কৰিম আৰু অৰ্ডাৰটো আপোনাৰ হাতত গৈ নোপোৱালৈকে আমি আপোনাক মেচেজ যোগে বা ই-মেইল যোগে জনাই থাকিম।
- অন্যান্য...!
(টোকা :- আপুনি যদি আৰু কিবা বুজিবলৈ বাকী থাকিল, তেন্তে আপুনি নিচিন্তেই আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰক আমি আপোনাক অতি সহজেই বুজায় দিবলৈ চেষ্টা কৰিম)
ধন্যবাদেৰে 🙏🏻@দৃষ্টি
জয় আই অসম ✊🏻
